উপকৰণ:
১/ থেকেৰা টেঙা ৫/৬ ফোটা
২/ পানী দুগিলাচ
৩/ চেনি ৩ চামোচ
৪/ নিমখ আধা চামোচ
প্ৰণালী:
প্ৰথমে থেকেৰাখিনি ভালকৈ ধুই লওক। তাৰপাছত থেকেৰাখিনি অলপ
পানীত আধাঘণ্টামান তিয়াই থওক। আধা ঘণ্টামানৰ পাছত থেকেৰা তিয়াই থোৱা পানীখিনি
ঠাণ্ডা পানী দুগিলাচৰ লগত মিলাই তাত নিমখ আৰু চেনি দি ভালকৈ গুলি লওক। এতিয়া
ছেকনিৰে থেকেৰাখিনি পানীৰ পৰা ছেকি পেলাওক। আপোনাৰ বাবে থেকেৰা টেঙাৰ চৰ্বত তৈয়াৰ
হৈ গ’ল। চৰ্বতৰ গিলাচত বৰফৰ টুকুৰা দি পৰিৱেশন
কৰক।
*******************

No comments:
Post a Comment