উপকৰণ:
মূৰ্গীৰ ঠেং: ৪ডোখৰ
জালুক: ১৫-২০টা
ৰঙা জলকীয়াৰ গুড়ি: ২ চাহচামোচ
হালধী: ১ চাহচামোচ
আদা: ১ ইঞ্চি জোখৰ এডোখৰ (বাকলি গুচোৱা)
নহৰু: ১০-১২ ফোটা (বাকলি গুচোৱা)
গৰম মচলা: আধা চাহচামোচ
বেচন: ২ চাহচামোচ
ময়দা: ১ টেবুল চামোচ
নেমু: ১টা (সৰু গোল নেমু)
মৌ: ২ চাহচামোচ
নিমখ: সোৱাদ অনুযায়ী
ৰিফাইন তেল: ৩ টেবুল চামোচ
জালুক: ১৫-২০টা
ৰঙা জলকীয়াৰ গুড়ি: ২ চাহচামোচ
হালধী: ১ চাহচামোচ
আদা: ১ ইঞ্চি জোখৰ এডোখৰ (বাকলি গুচোৱা)
নহৰু: ১০-১২ ফোটা (বাকলি গুচোৱা)
গৰম মচলা: আধা চাহচামোচ
বেচন: ২ চাহচামোচ
ময়দা: ১ টেবুল চামোচ
নেমু: ১টা (সৰু গোল নেমু)
মৌ: ২ চাহচামোচ
নিমখ: সোৱাদ অনুযায়ী
ৰিফাইন তেল: ৩ টেবুল চামোচ
প্ৰণালী:
মূৰ্গীৰ ঠেংকেইডোখৰ ভালকৈ ধুই পানী টুকি ৰাখক। এতিয়া জালুক, জলকীয়াৰ গুড়ি, গৰম মছলা, হালধী, আদা আৰু নহৰু এই আটাইকেইবিধ সামগ্ৰী অকণমান (এক টেবুল চামোচমান) পানীৰ স’তে একেলগে মিহিকৈ বটি লওক। এইখিনি বটা হৈ গ’লে বাতি এটাত উলিয়াই সোৱাদ অনুযায়ী নিমখ মিহলাই দিয়ক। ইতিমধ্যে ধুই ৰখা মূৰ্গীৰ ঠেংকেইডোখৰত চুৰি বা কটাৰীৰ জোঙা অংশৰে মাজে মাজে ‘চিৰাল ফালি’ দিব। এইখিনি কৰা হ’লে বটি থোৱা মছলাখিনি মাংস কেইডোখৰত ভালকৈ লেপি দিয়ক। মাংসকেইডোখৰ ‘চিৰাল ফালি’ দিয়া বাবে মছলাখিনি ভালকৈ ভিতৰলৈ সোমাই যাব। মছলা লগোৱা পৰ্ব শেষ হ’লে মাংসখিনি ফ্ৰীজত প্ৰায় দুঘণ্টা ভৰাই ৰাখক।
দুঘণ্টা পাছত মাংসখিনি ফ্ৰীজৰ পৰা উলিয়াই আনক। এখন কাঁহীত বেচন, ময়দা, অকণমান নিমখ শুকানকৈ (পানী নিমিহলোৱাকৈ) মিহলাই লওক। এতিয়া কেৰাহীত তেল গৰম হ’বলৈ দিয়ক। মাংসকেইডোখৰ এডোখৰ এডোখৰকৈ বেচন-ময়দাৰ মিশ্ৰণত লেটিয়াই দিয়ক আৰু এডোখৰ এডোখৰকৈ কেৰাহীৰ গৰম তেলত ভাজিবলৈ বহুৱাই দি ঢাকোন মাৰি দিয়ক। মনত ৰাখিব এই ব্যঞ্জন প্ৰস্তুতিত জুইকুৰা সদায় মধ্যমীয়া কৰি ৰাখিব লাগে। প্ৰতি ডেৰ-দুই মিনিটৰ মূৰে মূৰে লৰাই থাকিব। এতিয়া নেমুটো ধুই ৰোকনিৰে তাৰ বাকলিৰ সেউজীয়া অংশ ৰুকি লওক। সেইখিনি ৰোকা হ’লে নেমুটো দুফাল কৰি লৈ কেৰাহীৰ ঢাকোন গুচাই এফাল নেমুৰ ৰস চেপি দিয়ক। মন কৰিব যাতে তাত নেমুৰ গুটি নপৰে। নেমু দিয়াৰ পাছত লৰাই দি আকৌ ঢাকোন মাৰি দিয়ক। দুই-তিনি মিনিট পাছত নেমুৰ বাকলি ৰোকাখিনি মাংসত দি লৰাই দিয়ক। তাৰ দুই-তিনি মিনিট পাছত বাকী থকা নেমুফাল চেপি দি আকৌ লৰাই ঢাকোন মাৰি থওক। প্ৰতি দুই মিনিটত মাংসখিনি লৰাই এইদৰে প্ৰায় ১৫মিনিটমান ভাজিব লাগিব। ১৫ মিনিটমান পাছত মৌ দুচামোচ মাংসখিনিত মিহলাই লৰাই দি দুই মিনিটমান ঢাকোন মাৰি ৰাখক। মাংস সিজিছেনে নাই চাবলৈ কাটা চামোচ এখনেৰে (বা খৰিকা এডালেৰে) খুচি চাওক। এইদৰে প্ৰায় ১৭-১৮ মিনিটমানত মাংসখিনি ভজা হৈ গ’লে কেৰাহীৰ পৰা নমাই থওক।
পৰিৱেশনৰ
বাবে ‘ফইল পেপাৰ’ ফালি চিকেন
তেঙ্গৰী কাবাবৰ কম মঙহ থকাফালে মেৰিয়াই দিয়ক। গৰমে গৰমে ৰুটি বা ভাতৰ লগত নিজেও
খাওক আৰু আনকো খুৱাওক।
No comments:
Post a Comment