Monday, September 21, 2015

ৰাজমাহৰ তৰকাৰী



উপকৰণ:

১/ ৰাজমাহ: দুকাপ
২/ বিলাহী: তিনিটা
৩/ পিঁয়াজ: তিনিটা
৪/ আদা-নহৰু বটা: ১টেবুল চামোচ
৫/ কেঁচা জলকীয়া: চাৰিটা
৬/ ধনীয়া: এক টেবুল চামোচ
৭/ জিৰা গুড়ি: ডেৰ চাহচামোচ
৮/ ধনীয়া গুড়ি: ডেৰ চাহচামোচ
৯/ গৰম মচলা: ডেৰ চাহচামোচ
১০/ জলকীয়াৰ গুড়ি: এক চাহচামোচ
১১/ আমচুৰ: ডেৰ চাহচামোচ
১২/ হালধি: এচামোচ
১৩/ গোটা জিৰা: এচামোচ
১৪/ নিমখ: সোৱাদ অনুযায়ী
১৫/ ৰিফাইন তেল: ২ টেবুল চামোচ
১৬/ কস্তুৰী মেথী: এক টেবুলচামোচ
১৭/ বাটাৰ: অলপ





প্ৰণালী:

ৰাজমাহৰ তৰকাৰী ৰান্ধিবলৈ  ৰাজমাহ দুকাপ ধুই কমেও ৫-৬ঘণ্টা তিয়াই ৰাখিব লাগিব। ৫-৬ঘণ্টা পাছত প্ৰেচাৰ কুকাৰত আধা চামোচমান নিমখ দি ৬-৭টামান সুঁহুৰি অহালৈ সিজাই লওক। বিলাহী আৰু পিঁয়াজকেইটা মিহি মিহিকৈ কাটি লওক। কেৰাহীত তেল গৰম কৰি প্ৰথমে গোটা জিৰাখিনি ভাজি লওক। তাৰপাছত মধ্যমীয়া জুইত পিঁয়াজখিনি ভাজি লওক। পিঁয়াজখিনি অলপ ৰঙচুৱা হ’লে গৰম মচলাখিনি দি আকৌ ভাজক। এতিয়া তাত কাটি থোৱা বিলাহীখিনি আৰু কাটি লোৱা জলকীয়াকেইটা দি হেতাৰে লৰাই দিয়ক। দুইমিনিটমান পাছত আদা-নহৰু বটা, হালধি, জিৰাৰ গুড়ি, ধনীয়াৰ গুড়ি, আমচুৰ-এই আটাইখিনি মচলা দি ভাজি লওক। মন কৰিব যাতে বিলাহী-পিঁয়াজ আটাইখিনি মচলাৰ লগতে সম্পূৰ্ণকৈ গলি যায়। দৰকাৰ হ’লে প্ৰচাৰ কুকাৰটো খুলি তাৰ পৰা ৰাজমাহ সিজোৱা পানী অকণমানো বিলাহি-পিঁয়াজৰ মিশ্ৰণটোত দিব পাৰে। যেতিয়া বিলাহী-পিঁয়াজ সম্পূৰ্ণকৈ গলি যাব তেতিয়া মিহিকৈ কাটি থোৱা ধনীয়া পাত, জলকীয়াৰ গুড়ি আৰু হাতেৰে মোহাৰি কস্তুৰি মেথীখিনি গুড়ি কৰি মিশ্ৰণটোত মিহলাই দিব। প্ৰয়োজন হ’লে আকৌ ৰাজমাহ সিজোৱা পানী অলপ মিহলাই দিব পাৰে। যেতিয়া মিশ্ৰণটো থুপথুপীয়া হ’ব তেতিয়া তাত সিজাই লোৱা ৰাজমাহখিনি সিজোৱা পানীখিনিৰ সৈতে বাকি হেতাৰে লৰাই দিয়ক। সোৱাদ অনুযায়ী নিমখ দিয়ক। নিমখ দিওঁতে মনত ৰাখিব যে ইতিমধ্যে ৰাজমাহ সিজাওঁতে অলপ নিমখ দিয়া হৈ গৈছে। তৰকাৰীখনত প্ৰয়োজন অনুসৰি পানী দি পাঁচমিনিটমান ভালকৈ উতলিবলৈ দিয়ক। একেবাৰে শেষত (মন গ’লে) বাটাৰ অকণমান দি তৰকাৰীখন নমাই থওক। গৰমে গৰমে ভাত, পোলাও, ৰুটি-ৰ লগত পৰিৱেশন কৰক।

চাগুৰ পায়স


উপকৰণ:

চাগু: চাৰিমুঠি
গাখীৰ: একলিটাৰ
ঘিঁ: এচামোচ
চেনী: সোৱাদ অনুযায়ী
ইলাচি: চাৰিটা





প্ৰণালী:

প্ৰথমে গাখীৰ লিটাৰ উতলিবলৈ দিয়ক। চাগু চাৰিমুঠি কাঁহী এখনত উলিয়াই লৈ তাতে ঘিঁ এচামোচ দি ভালকৈ মিলাই দিয়ক। মন কৰিব যাতে চাগুৰ আটাইবোৰ ব’ৰিতে ঘিঁ লাগে। গাখীৰখিনি উতল অহাৰ পাছত তাত ঘিঁ লগোৱা চাগুখিনি বাকি দি হেতা এখনেৰে চাৰি-পাঁচমিনিটমানৰ মূৰে মূৰে লৰাই থাকক। জুইকুৰা মধ্যমীয়া কৰি ল’বলৈ নাপাহৰিব। ইলাচিকেইটা খুন্দনাত খুন্দি গুড়ি কৰি লওক। প্ৰায় পোন্ধৰ মিনিটমানৰ পাছত চাগুখিনি ফুলিবলৈ আৰম্ভ কৰিব। হেতাৰে লৰাই থাকোঁতে যদি চাগুখিনিৰ মাজৰ অংশটো বগা পৰি থকা দেখে তেন্তে আপুনি বুজিব যে চাগুখিনি আৰু সিজাব লাগিব। এইদৰে প্ৰায় ২৫মিনিট মানত চাগুখিনি ভালকৈ সিজি মিশ্ৰণটো লাহে লাহে ঘন হ’বলৈ ধৰিব। এতিয়া আপুনি আপোনাৰ সোৱাদ অনুযায়ী চেনি দি আকৌ লৰাই দিয়ক। একেবাৰে শেষত খুন্দি থোৱা ইলাচিৰ গুড়িখিনি দি পায়সখিনি এবাৰ লৰাই নমাই থওক। অলপ ঠাণ্ডা হ’লে পৰিৱেশন কৰক।

কিটিপ:
১/ চাগুখিনিত ঘিঁ সানি ল’ব লাগে অন্যথা গাখীৰ ফাটি যোৱাৰ সম্ভাৱনা থাকে।
২/ পায়সখিনি সামান্য পাতল হৈ থাকোঁতে নমাই থ’ব লাগে কাৰণ খোৱাৰ পৰলৈ অলপ ঠাণ্ডা হৈ পায়সখিনি নিজে নিজে ডাঠ হৈ যায়।