উপকৰণ:
১/ ৰাজমাহ: দুকাপ
২/ বিলাহী: তিনিটা
৩/ পিঁয়াজ: তিনিটা
৪/ আদা-নহৰু বটা: ১টেবুল চামোচ
৫/ কেঁচা জলকীয়া: চাৰিটা
৬/ ধনীয়া: এক টেবুল চামোচ
৭/ জিৰা গুড়ি: ডেৰ চাহচামোচ
৮/ ধনীয়া গুড়ি: ডেৰ চাহচামোচ
৯/ গৰম মচলা: ডেৰ চাহচামোচ
১০/ জলকীয়াৰ গুড়ি: এক চাহচামোচ
১১/ আমচুৰ: ডেৰ চাহচামোচ
১২/ হালধি: এচামোচ
১৩/ গোটা জিৰা: এচামোচ
১৪/ নিমখ: সোৱাদ অনুযায়ী
১৫/ ৰিফাইন তেল: ২ টেবুল চামোচ
১৬/ কস্তুৰী মেথী: এক টেবুলচামোচ
১৭/ বাটাৰ: অলপ
প্ৰণালী:
ৰাজমাহৰ তৰকাৰী ৰান্ধিবলৈ ৰাজমাহ দুকাপ
ধুই কমেও ৫-৬ঘণ্টা তিয়াই ৰাখিব লাগিব। ৫-৬ঘণ্টা পাছত প্ৰেচাৰ কুকাৰত আধা চামোচমান
নিমখ দি ৬-৭টামান সুঁহুৰি অহালৈ সিজাই লওক। বিলাহী আৰু পিঁয়াজকেইটা মিহি মিহিকৈ
কাটি লওক। কেৰাহীত তেল গৰম কৰি প্ৰথমে গোটা জিৰাখিনি ভাজি লওক। তাৰপাছত মধ্যমীয়া
জুইত পিঁয়াজখিনি ভাজি লওক। পিঁয়াজখিনি অলপ ৰঙচুৱা হ’লে গৰম মচলাখিনি দি আকৌ ভাজক। এতিয়া
তাত কাটি থোৱা বিলাহীখিনি আৰু কাটি লোৱা জলকীয়াকেইটা দি হেতাৰে লৰাই দিয়ক।
দুইমিনিটমান পাছত আদা-নহৰু বটা, হালধি, জিৰাৰ গুড়ি, ধনীয়াৰ গুড়ি, আমচুৰ-এই
আটাইখিনি মচলা দি ভাজি লওক। মন কৰিব যাতে বিলাহী-পিঁয়াজ আটাইখিনি মচলাৰ লগতে
সম্পূৰ্ণকৈ গলি যায়। দৰকাৰ হ’লে প্ৰচাৰ কুকাৰটো খুলি তাৰ পৰা ৰাজমাহ সিজোৱা পানী
অকণমানো বিলাহি-পিঁয়াজৰ মিশ্ৰণটোত দিব পাৰে। যেতিয়া বিলাহী-পিঁয়াজ সম্পূৰ্ণকৈ গলি
যাব তেতিয়া মিহিকৈ কাটি থোৱা ধনীয়া পাত, জলকীয়াৰ গুড়ি আৰু হাতেৰে মোহাৰি কস্তুৰি
মেথীখিনি গুড়ি কৰি মিশ্ৰণটোত মিহলাই দিব। প্ৰয়োজন হ’লে আকৌ ৰাজমাহ সিজোৱা পানী অলপ
মিহলাই দিব পাৰে। যেতিয়া মিশ্ৰণটো থুপথুপীয়া হ’ব তেতিয়া তাত সিজাই লোৱা ৰাজমাহখিনি
সিজোৱা পানীখিনিৰ সৈতে বাকি হেতাৰে লৰাই দিয়ক। সোৱাদ অনুযায়ী নিমখ দিয়ক। নিমখ
দিওঁতে মনত ৰাখিব যে ইতিমধ্যে ৰাজমাহ সিজাওঁতে অলপ নিমখ দিয়া হৈ গৈছে। তৰকাৰীখনত
প্ৰয়োজন অনুসৰি পানী দি পাঁচমিনিটমান ভালকৈ উতলিবলৈ দিয়ক। একেবাৰে শেষত (মন গ’লে)
বাটাৰ অকণমান দি তৰকাৰীখন নমাই থওক। গৰমে গৰমে ভাত, পোলাও, ৰুটি-ৰ লগত পৰিৱেশন
কৰক।






