Monday, August 25, 2014

আমৰ কালাকন




ফলৰ ৰজা আম আৰু এতিয়া আমৰে বতৰ। আপোনালোকে আমেৰে প্ৰস্তুত কৰা কালাকন খাইছে নে? যদি খোৱা নাই তেন্তে এইবাৰ চেষ্টা এটা নিশ্চয় কৰিব পাৰে। আমৰ কালাকন প্ৰস্তুতৰ দিহা আপোনালোকলৈ আগবঢ়ালোঁ।

উপকৰণ:

পকা আম: ১টা (ডাঙৰ)
গাখীৰ: ১লিটাৰ
চেনি: আধা কাপ
নেমুৰ ৰস: ২ বা ৩ টেবুল চামোচ
বাদাম: ৫-৬টা
পিস্তা: ৮-১০টা
ইলাচি: ৪টা

প্ৰণালী: 

প্ৰথমতে আমটোৰ বাকলি গুচাই চাটনি ৰোকা ৰুকনিৰে ৰুকি সাহ/জিমখিনি উলিয়াই লওক। কালাকন প্ৰস্তুত কৰিবলৈ আধাকাপ সাহ/জিম লাগিব।

আমৰ সাহ/জিমখিনি উলিয়াই লোৱাৰ পাছত এটা বাচনত গাখীৰখিনি উতলাই লওক। গাখীৰখিনি উতলি অহালৈ বাদাম আৰু পিস্তাখিনি সৰু সৰুকৈ কাটি লওক, লগতে ইলাচিকেইটাও গুড়ি কৰি লওক। গাখীৰখিনি উতলি অহাৰ পাছত অকণমান ঠাণ্ডা হবলৈ নমাই থওক। গাখীৰখিনি ঠাণ্ডা হোৱালৈ আন এটা পাত্ৰত উলিয়াই থোৱা আমৰ সাহ/জিমখিনি চেনিৰ লগত কম জুইত ভালকৈ সিজাই পগাই লওক। ইতিমধ্যে অলপ ঠাণ্ডা হোৱা গাখীৰখিনিত অলপ অলপকৈ নেমুৰ ৰস মিহলাই হেতাৰে লৰাই গাখীৰ ফটাই পনীৰ প্ৰস্তুত কৰি লওক। মাজে মাজে সিজিবলৈ দিয়া আমখিনিও লৰাই থাকিবলৈ নাপাহৰিব। মন কৰিব যাতে সেইখিনি তলিত লাগি নধৰে। গাখীৰত নেমুৰ ৰস দিয়া বাবে গাখীৰখিনি যেতিয়া ভালকৈ ফাটি যাব তেতিয়া সেইখিনি চেকি লব লাগিব। এটা ডাঙৰ পাত্ৰত এখন ডাঙৰ চেকনিৰ ওপৰত সূতাৰ পাতল কাপোৰ এখন পাতি গাখীৰখিনি চেকি লব। চেকা হৈ গলে তাৰ ওপৰত অলপ পানী বাকি দিব; অৰ্থাৎ প্ৰস্তুত হোৱা পনীৰখিনি ধুই লব লাগিব যাতে তাৰ পৰা নেমুৰ টেঙা ভাবটো কমি নোহোৱা হৈ যায়। পনীৰখিনিত পানী বাকি দিয়াৰ পাছত সূতাৰ কাপোৰখন চাৰিওফালৰ পৰা উঠাই আনি ভালকৈ আঁটি দিয়ক যাতে পনীৰত থকা অৱশিষ্ট পানীখিনি ওলাই যায়। পানীখিনি আঁটি উলিয়াই দিয়াৰ পাছত পনীৰখিনি ব্যৱহাৰ উপযোগী হৈ পৰিব। পনীৰখিনি প্ৰস্তুত হোৱা পৰ্যন্ত আমখিনিও সুন্দৰকৈ সিজি উঠিব। এতিয়া এইমাত্ৰ তৈয়াৰ কৰা পনীৰখিনি পগাই থকা আমৰ লগত কেৰাহীতে দি দিয়ক। তাৰপাছত আম আৰু পনীৰৰ মিশ্ৰণটো পানী শুকাই যোৱালৈ কেৰাহীত পগাই থাকিব লাগিব। মিশ্ৰণটো অকণমান ঘন হোৱাৰ পাছত ইয়াত কাটি থোৱা বাদাম আৰু পিস্তাৰ পৰা আধা আধা দি মিহলাই দিব। তাৰপাছতো কিন্তু মিশ্ৰণটো আৰু ঘন হোৱালৈ পগাই থাকিব লাগিব। যেতিয়া মিশ্ৰণটো সম্পূৰ্ণ ঘন হৈ আলতীয়া হৈ পৰিব তেতিয়া গেছ বন্ধ কৰি তাত ইলাচিৰ গুৰিখিনি মিহলাই দিব। কালাকনৰ এটা মলমলীয়া গোন্ধ আপোনাৰ পাকঘৰটোত বিয়পি পৰিব। এতিয়া এখন থালত অকণমান ঘিঁ বা ৰিফাইণ্ড তেল লগাই থালখনৰ চাৰিওফালে ঘঁহি দিয়ক যাতে কালাকন থালত লাগি নধৰে। থালখনত কেৰাহীৰ পৰা কালাকনখিনি নমাই থওক আৰু হেতা আৰু হাতেৰে একে সমান জোখত (উচ্চতাৰ দিশেৰে) ৰাখক। নমোৱা হোৱাৰ পাছত তাৰ ওপৰত বাকী থকা বাদাম আৰু পিস্তাখিনি দি দিয়ক আৰু চামোচেৰে অলপ অলপকৈ হেঁচি দিয়ক যাতে বাদাম-পিস্তা কালাকনত লাগি ধৰে। এতিয়া এইখিনি অলপ ঠাণ্ডা হবলৈ ফ্ৰিজত ৰাখক। এঘণ্টামান পাছত ফ্ৰিজৰ পৰা উলিয়াই আনি আপোনাৰ পচন্দমতে কাটি কাটি টুকুৰা কৰি লওক। এয়া তৈয়াৰ হৈ গল আমৰ কালাকন।

এইবাৰ গৰমকালি আমৰ কালাকনেৰে আপোন আৰু আত্মীয় সকলোকে আপ্যায়িত কৰক আৰু সকলোৰে প্ৰশংসা বোটলক।

বি.দ্ৰ. আমৰ কালাকন প্ৰস্তুত কৰোঁতে (ফ্ৰিজত ৰখা সময়খিনি বিয়োগ কৰি) প্ৰায় ডেৰ ঘণ্টা সময় লাগিছিল।
  

No comments:

Post a Comment