গৰমৰ দিনৰ ভৰদুপৰীয়া থেকেৰা টেঙা মাছৰ আঞ্জাৰে ভাত খাবলৈ
পোৱাৰ সমান তৃপ্তি নাই। সেয়ে আজি এইভাগৰ ৰন্ধন প্ৰক্ৰিয়াটোকে দিলোঁ। অতি সহজ আৰু
কম সময়তে এইখন আঞ্জা ৰান্ধিব পাৰি। মা-মচলাও বিশেষ নালাগে। এক কথাত এই আঞ্জাখন
খাঁটি অসমীয়া ৰন্ধন শৈলীৰ প্ৰকৃষ্ট উদাহৰণ।
(দুজনৰ জোখাৰে)
উপকৰণ:
মাছ: চাৰিডোখৰ
মিঠাতেল: এক টেবুল চামোচ
মাছ ভাজিবলৈ নিমখ, হালধি
থেকেৰা টেঙা: ছয়/সাত ফোটা
আলু: সিজোৱা সৰু দুটা (প্ৰয়োজন অনুসৰি)
পিঁয়াজ: সৰু এটা (মিহিকৈ কটা)
পিঠাগুড়ি/ আটা: এক টেবুল চামোচ
জিৰা গুৰি: আধা চাহ চামোচ
নিমখ: সোৱাদ অনুযায়ী
হালধি: আধা চাহ চামোচ
ৰন্ধন প্ৰকৰণ:
প্ৰথমে মাছকেইডোখৰ নিমখ আৰু হালধি সানি কেৰাহীত তেল গৰম কৰি
ভাজি লওক। মাছ ভজা হোৱা পৰ্যন্ত থেকেৰা কেইফোটা এবাতি পানীত তিয়াই ৰাখক। মাছ ভজা
হোৱাৰ পাছত মাছখিনি কেৰাহীৰ পৰা নমাই সেই একেখিনি তেলতে কাটি থোৱা পিঁয়াজখিনি
ভাজক। পিঁয়াজ ভজা হোৱালৈকে সিজাই থোৱা আলু দুটা পিতিকি লওক। পিঁয়াজখিনি ভজা গৈ অলপ
ৰঙচুৱা হ’লে পিতিকি থোৱা সিজোৱা আলুখিনি দি ভাজক। অলপ
ভজা গ’লে তিয়াই থোৱা থেকেৰাকেইফোটা পানীখিনিতে অলপ ভালকৈ
মিহলাই লৈ সেই মিশ্ৰণটো কেৰাহীত বাকি দি হেতাৰে লৰাই দিয়ক। উতলিবলৈ লোৱাৰ আগতে
পিঠাগুড়ি বা আটাখিনি এবাতি পানীত ভালদৰে মিহলাই ঘোল এটা তৈয়াৰ কৰি লওক। ঘোলটো
আঞ্জাখনত বাকি দিয়ক। এতিয়া তাত হালধি আৰু সোৱাদ অনুযায়ী নিমখ দি ঢাকোন মাৰি থৈ
দিয়ক। অলপ পাছত জিৰাৰ গুড়িখিনি দি ভালকৈ উতলিবলৈ দিয়ক। উতলা আঞ্জাখিনিত মাছকেইডোখৰ
দি আৰু অলপ সময় উতলিবলৈ দিয়ক। ছয়-সাত মিনিটমান ভালকৈ উতলাৰ পাছত আঞ্জাখন নমাই থওক
আৰু ভাতৰ লগত পৰিবেশন কৰক।
প্ৰয়োজনীয় কিটিপ:
১/ সাধাৰণতে থেকেৰা টেঙাৰ আঞ্জাত পিঠাগুড়িৰ ঘোল দিয়া হয়।
কিন্তু পিঠাগুড়ি নাথাকিলে আটাৰে কাম চলাব পাৰি।
২/ থেকেৰা টেঙাৰ আঞ্জা আলুৰ অবিহনেও ৰান্ধিব পাৰি। কেৱল
তেতিয়া আঞ্জাখন অলপ পাতল হ’ব।
৩/ পিঠাগুড়ি বা আটাৰ ঘোলটো প্ৰস্তুত কৰাৰ সময়ত মন কৰিব যাতে
পানীত মিহলি হৈ পিঠাগুড়ি বা আটাখিনি গোটা গোটাকৈ লাড়ুৰ দৰে হৈ নাযায়।
৪/ ঘোলটো প্ৰস্তুত কৰোঁতে সদায় ঠাণ্ডা পানী ব্যৱহাৰ কৰিব।
৫/ আপোনাৰ ইচ্ছা অনুযায়ী আঞ্জাখন ডাঠ বা পাতল কৰিব পাৰে।
ডাঠ কৰিবলৈ বিচাৰিলে সিজোৱা আলু দিব লাগিব নাইবা ঘোলৰ মিশ্ৰণটো ডাঠকৈ প্ৰস্তুত
কৰিব লাগিব। পাতল কৰিবলৈ বিচাৰিলে আলু নিদিলেও হ’ব নাইবা ঘোলৰ মিশ্ৰণটো পাতলকৈ কৰিলে হ’ব।
৬/ কাঁহৰ বাচনত টেঙাৰ আঞ্জা বেছি সময় থাকিলে কেঁহা হৈ যায়।
কাঁহৰ বাতিত এই আঞ্জা পৰিবেশন কৰিলেও কেঁহা হোৱাৰ আগতে খাই শেষ কৰক নাইবা কাঁচৰ
বাতিত পৰিবেশন কৰক।